ৰাগঃ ভাটিয়ালী
ধ্ৰুং।। আলো মাই গালি তুমি নাপাৰিবা মোৰে।
যত অপমান মোৰে দিয়া আছা বাৰে বাৰে।
ভালে আমি সৈয়া আছোঁ তাৰে।।
পদ।। কোন চাৰ পুৰাতন সে কড়া দুইৰ ধন
কলসী ভাঙ্গলো দেখি ৰাগে।
ইবাৰ নৰৈল মোৰ যেন পায়া খাট চোৰ
বান্ধিলা গৰুৰ লৈয়া পাগে।।
এই অপৰাধ খানি নশৈলা নন্দেৰ ৰাণী
আৱৰ সহিবা তুমি কি।
তোমাৰ লক্ষণ দেখি জগতে জানিলে তুমি
যেন বৰ মানুষৰ ঝি।।
তপ জপ যজ্ঞ যত নাহি দান পুণ্য ব্ৰত
আছিলা জনম আন্ঠুকুৰি।
আমি পুত্ৰ হুৱা আসি সে দোষ কৰিলো দূৰ
আৱে কৰা আমাত চাতুৰী।।
অতি নিদাৰুণ জানি যুবাকালে নুপজিলো
বৃদ্ধকালে পুত্ৰ ভৈলো এথা।
সামান্য নাৰীয়ো জানে বৃদ্ধ হুৱা নাজানিলা
আপোন পুত্ৰেৰ দায়া ব্যথা।।
জগত ঢাকিয়া ঘোৰ দুৰ্যশ থাকিল মোৰ
নাকৈলা আমাৰ কোন কাম।
যত উপকাৰ গুণ সকলে ঢাকিয়া দিলা
আমাৰ লৱণু চোৰ নাম।।
ৰাজাৰ কুমাৰ হৈয়া গৰু চাৰি খাওঁ ভাত
দুৰ্গম সংকট-ময় বনে।
তথাপিতো আমি ভাল বোলাইবাক নপাৰিলো
আৰ ভাল বোলাইবো কেমনে।।
সহিয়া থাকিলে ভাল সকলে জগতে বোলে
উচিত কহিতে লাগে দ্বন্দ্ব।
যত বোল মাত মানে সকলো শুনিলো আমি
তথাপিতো আমি ভৈলো মন্দ।।
অপমান সহিবাক ন পাৰি পলায়ে যাইবো
কংসৰ নগৰ মধুপুৰ।
আমাক নাপায়া লাগ কান্দিয়া মৰিবা পাচে
সকলো ভাৱনা হৈব চুৰ।।
যাহাৰ মায়াৰ অন্ত ব্ৰহ্মা হৰে নাপাৱন্ত
হেন হৰি চাতুৰী খেলাই।
কহয় মাধৱ প্ৰভু! আৰ কিছু নুবুলিয়ো
তোমাৰ জননী দুঃখ পাই।।
ধ্ৰুং।। আলো মাই গালি তুমি নাপাৰিবা মোৰে।
যত অপমান মোৰে দিয়া আছা বাৰে বাৰে।
ভালে আমি সৈয়া আছোঁ তাৰে।।
পদ।। কোন চাৰ পুৰাতন সে কড়া দুইৰ ধন
কলসী ভাঙ্গলো দেখি ৰাগে।
ইবাৰ নৰৈল মোৰ যেন পায়া খাট চোৰ
বান্ধিলা গৰুৰ লৈয়া পাগে।।
এই অপৰাধ খানি নশৈলা নন্দেৰ ৰাণী
আৱৰ সহিবা তুমি কি।
তোমাৰ লক্ষণ দেখি জগতে জানিলে তুমি
যেন বৰ মানুষৰ ঝি।।
তপ জপ যজ্ঞ যত নাহি দান পুণ্য ব্ৰত
আছিলা জনম আন্ঠুকুৰি।
আমি পুত্ৰ হুৱা আসি সে দোষ কৰিলো দূৰ
আৱে কৰা আমাত চাতুৰী।।
অতি নিদাৰুণ জানি যুবাকালে নুপজিলো
বৃদ্ধকালে পুত্ৰ ভৈলো এথা।
সামান্য নাৰীয়ো জানে বৃদ্ধ হুৱা নাজানিলা
আপোন পুত্ৰেৰ দায়া ব্যথা।।
জগত ঢাকিয়া ঘোৰ দুৰ্যশ থাকিল মোৰ
নাকৈলা আমাৰ কোন কাম।
যত উপকাৰ গুণ সকলে ঢাকিয়া দিলা
আমাৰ লৱণু চোৰ নাম।।
ৰাজাৰ কুমাৰ হৈয়া গৰু চাৰি খাওঁ ভাত
দুৰ্গম সংকট-ময় বনে।
তথাপিতো আমি ভাল বোলাইবাক নপাৰিলো
আৰ ভাল বোলাইবো কেমনে।।
সহিয়া থাকিলে ভাল সকলে জগতে বোলে
উচিত কহিতে লাগে দ্বন্দ্ব।
যত বোল মাত মানে সকলো শুনিলো আমি
তথাপিতো আমি ভৈলো মন্দ।।
অপমান সহিবাক ন পাৰি পলায়ে যাইবো
কংসৰ নগৰ মধুপুৰ।
আমাক নাপায়া লাগ কান্দিয়া মৰিবা পাচে
সকলো ভাৱনা হৈব চুৰ।।
যাহাৰ মায়াৰ অন্ত ব্ৰহ্মা হৰে নাপাৱন্ত
হেন হৰি চাতুৰী খেলাই।
কহয় মাধৱ প্ৰভু! আৰ কিছু নুবুলিয়ো
তোমাৰ জননী দুঃখ পাই।।
No comments:
Post a Comment