ৰাগঃ ধনশ্ৰী
ধ্ৰুং।। কানাইৰ কমল মুখ পেখিতে নয়ন সুখ
কোটি-ইন্দু জিনি পৰকাশে।
শ্যামল সুন্দৰ বৰ নৱ-নীল জলধৰ
তনু ভাল শোহে পীত বাসে।।
পদ।। আভীৰ বালক সঙ্গে খেলান খেলায় ৰঙ্গে
ৰহিয়া কদম্ব তৰু তলে।
হাঁসি হাঁসি বংশী বায় বঙ্কিম নয়নে চায়
কদম্বেৰ মালা লুলে গলে।।
অৰুণ চয়ণ মাজে মঞ্জীৰ ঝনকে বাজে
সাজে কোটি মনমথ জিনি।
যমুনা পুলিন বনে ধায়া ধায়া ৰঙ্গ মনে
গেণ্ডুৱা খেলায় যদুমণি।।
তেজিয়া বৈকুণ্ঠ সুখ লীলায়ে গোপেৰ ৰূপ
ধৰি হৰি গোধন চৰায়।
ভকতবৎসল দেৱ নাহি হৰি সম কেৱ
মাধৱ দীন গুণ গায়।।
ধ্ৰুং।। কানাইৰ কমল মুখ পেখিতে নয়ন সুখ
কোটি-ইন্দু জিনি পৰকাশে।
শ্যামল সুন্দৰ বৰ নৱ-নীল জলধৰ
তনু ভাল শোহে পীত বাসে।।
পদ।। আভীৰ বালক সঙ্গে খেলান খেলায় ৰঙ্গে
ৰহিয়া কদম্ব তৰু তলে।
হাঁসি হাঁসি বংশী বায় বঙ্কিম নয়নে চায়
কদম্বেৰ মালা লুলে গলে।।
অৰুণ চয়ণ মাজে মঞ্জীৰ ঝনকে বাজে
সাজে কোটি মনমথ জিনি।
যমুনা পুলিন বনে ধায়া ধায়া ৰঙ্গ মনে
গেণ্ডুৱা খেলায় যদুমণি।।
তেজিয়া বৈকুণ্ঠ সুখ লীলায়ে গোপেৰ ৰূপ
ধৰি হৰি গোধন চৰায়।
ভকতবৎসল দেৱ নাহি হৰি সম কেৱ
মাধৱ দীন গুণ গায়।।
No comments:
Post a Comment