ৰাগঃ সিন্ধুৰা
ধ্ৰুং।। কানু সাজে, কানু সাজে। শিঙ্গাৰ নিসান বাজে।।
পদ।। নিশি অৱসানে বাঁশীৰ নিসানে
ডাকয় শ্ৰীগোপালে।
ভোজন সম্ভাৰ লয়া ভাই সব
সাজিয়া আইস সকালে।।
আজু বন মহ কৰব ভোজন
জানিয়া শিশুসকলে।
কৰিয়া যতন সাজি দধি অন্ন
আইল সবে কুতূহলে।।
গাৱে গাৱে বৎস অনেক সহস্ৰ
চলাৱে গোৱালগণে।
কৃষ্ণৰ অসংখ্য বৎস বাণ্টি লৈয়া
চলি গৈলা বৃন্দাবনে।।
শিঙ্গা বাঁশী বেত পীত ধড়া নেত
গুঞ্জা গেৰু মৈৰা পাখি।
নটবৰ জিনি সাজে যদুমণি
চলে বনে বৎস ৰাখি।।
হাঁসিয়া মোহন বাঁশীটি বজাৱে
গোপাল বালক সঙ্গে।
ৰূপে কোটি-কাম জিনি বহু ৰসে
খেলান খেলায় ৰঙ্গে।।
যাক ব্ৰহ্ম জ্ঞানী ব্ৰহ্ম বোলে ভাষে
বোলয় পৰম দেৱ।
মায়া-বিমোহিত বোলে নন্দ-সুত
ব্ৰহ্মা কৰে যাক সেৱ।।
অনেক জনমে যোগেশ্বৰো যাৰ
নপাৱে পদ-ধূলাক।
কহয় মাধৱ আখিৰ গোচৰে
ব্ৰজবাসী দেখে তাক।।
ধ্ৰুং।। কানু সাজে, কানু সাজে। শিঙ্গাৰ নিসান বাজে।।
পদ।। নিশি অৱসানে বাঁশীৰ নিসানে
ডাকয় শ্ৰীগোপালে।
ভোজন সম্ভাৰ লয়া ভাই সব
সাজিয়া আইস সকালে।।
আজু বন মহ কৰব ভোজন
জানিয়া শিশুসকলে।
কৰিয়া যতন সাজি দধি অন্ন
আইল সবে কুতূহলে।।
গাৱে গাৱে বৎস অনেক সহস্ৰ
চলাৱে গোৱালগণে।
কৃষ্ণৰ অসংখ্য বৎস বাণ্টি লৈয়া
চলি গৈলা বৃন্দাবনে।।
শিঙ্গা বাঁশী বেত পীত ধড়া নেত
গুঞ্জা গেৰু মৈৰা পাখি।
নটবৰ জিনি সাজে যদুমণি
চলে বনে বৎস ৰাখি।।
হাঁসিয়া মোহন বাঁশীটি বজাৱে
গোপাল বালক সঙ্গে।
ৰূপে কোটি-কাম জিনি বহু ৰসে
খেলান খেলায় ৰঙ্গে।।
যাক ব্ৰহ্ম জ্ঞানী ব্ৰহ্ম বোলে ভাষে
বোলয় পৰম দেৱ।
মায়া-বিমোহিত বোলে নন্দ-সুত
ব্ৰহ্মা কৰে যাক সেৱ।।
অনেক জনমে যোগেশ্বৰো যাৰ
নপাৱে পদ-ধূলাক।
কহয় মাধৱ আখিৰ গোচৰে
ব্ৰজবাসী দেখে তাক।।
No comments:
Post a Comment