ৰাগঃ ভাটিয়ালী
ধ্ৰুং।। আলো মাই তোহাৰ তনয় যদুমণি।
বকাসুৰ বধি হৰি পৰম আনন্দ কৰি
আইসে শুনা বংশীৰ ধ্বনি।।
পদ।। ভয়ঙ্কৰ বক গোট ব্ৰজৰ সমান ঠোঁট
চুম্পি ৰহি আছে সাৱধানে।
বায়ুবেগে আসি ধায় গিলিল কৃষ্ণক পায়
দেখি আমি মৰিলো পৰাণে।।
তালুত লাগিল হৰি পেলাইল বাহিৰ হৰি
সকল বালকে আছো চাই।
পুনু আসে গিলিবাক ঠোঁটত ধৰিয়া তাক
ছিৰিয়া মাৰিলা যদুৰায়।।
খানিকো নভৈল ঘাৱ কৃষ্ণৰ নীৰুজ গাৱ
দেখিয়া কৌতুক পাইলো বৰে।
ধেনু বৎস আগ কৰি আনন্দে আসন্ত হৰি
আমি সবে আসিলো লৱৰে।।
ব্ৰজত পৰিল জান কৃষ্ণসে সবাৰ প্ৰাণ
নন্দ ঘৰে আসিলা হৰিষে।
কৃষ্ণমুখ পদ্মমধু নেত্ৰে পিয়ে ব্ৰজবধু
কৃষ্ণশিৰে কুসুম বৰিষে।।
দেখি নন্দ যশোদাৰ আনন্দৰ নাহি পাৰ
কৃষ্ণক কোলাত লৈলা তুলি।
মৰি যেন আইল প্ৰাণ কৰে পুত্ৰ শিৰ ঘ্ৰাণ
প্ৰেম-ৰসে মজিল সমুলি।।
নিজ বৈৰী মাৰি হৰি আসিলা কৌতুক কৰি
দেখি সবে ভৈলা আনন্দিত।
মাধৱ মূৰুখ মতি কহে মোৰ হৰি গতি
হৰি পদে নিমজোক চিত।।
ধ্ৰুং।। আলো মাই তোহাৰ তনয় যদুমণি।
বকাসুৰ বধি হৰি পৰম আনন্দ কৰি
আইসে শুনা বংশীৰ ধ্বনি।।
পদ।। ভয়ঙ্কৰ বক গোট ব্ৰজৰ সমান ঠোঁট
চুম্পি ৰহি আছে সাৱধানে।
বায়ুবেগে আসি ধায় গিলিল কৃষ্ণক পায়
দেখি আমি মৰিলো পৰাণে।।
তালুত লাগিল হৰি পেলাইল বাহিৰ হৰি
সকল বালকে আছো চাই।
পুনু আসে গিলিবাক ঠোঁটত ধৰিয়া তাক
ছিৰিয়া মাৰিলা যদুৰায়।।
খানিকো নভৈল ঘাৱ কৃষ্ণৰ নীৰুজ গাৱ
দেখিয়া কৌতুক পাইলো বৰে।
ধেনু বৎস আগ কৰি আনন্দে আসন্ত হৰি
আমি সবে আসিলো লৱৰে।।
ব্ৰজত পৰিল জান কৃষ্ণসে সবাৰ প্ৰাণ
নন্দ ঘৰে আসিলা হৰিষে।
কৃষ্ণমুখ পদ্মমধু নেত্ৰে পিয়ে ব্ৰজবধু
কৃষ্ণশিৰে কুসুম বৰিষে।।
দেখি নন্দ যশোদাৰ আনন্দৰ নাহি পাৰ
কৃষ্ণক কোলাত লৈলা তুলি।
মৰি যেন আইল প্ৰাণ কৰে পুত্ৰ শিৰ ঘ্ৰাণ
প্ৰেম-ৰসে মজিল সমুলি।।
নিজ বৈৰী মাৰি হৰি আসিলা কৌতুক কৰি
দেখি সবে ভৈলা আনন্দিত।
মাধৱ মূৰুখ মতি কহে মোৰ হৰি গতি
হৰি পদে নিমজোক চিত।।
No comments:
Post a Comment