ৰাগঃ তুৰ বসন্ত
ধ্ৰুং।। দোলায় গোৱিন্দ পৰম আনন্দে ৰতন সিংহাসনে বসি।
কনক-বিৰচিত দোলৰ মণ্ডপ জ্বলয় যেন ৰবি শশী।।
পদ।। ৰতন ভূষণ জ্বলয় শ্যাম-তনু
ফাগুৱে হুয়া উজ্জ্বলত।
নবীন মেঘে যেন বিজুৰী সঞ্চাৰ
পেখিতে কাম বিমোহিত।।
ছত্ৰ চামৰে চৌভিতি ৰঞ্জিত
কনকময় ধ্বজ দণ্ড।
আকাশে দেৱগণে কুসুম বৰিষয়
বাজায়া বহু বাদ্য-ভণ্ড।।
গন্ধৰ্ব্ব গাৱয় বাৱয় বিদ্যাধৰে
নাচয় অপ্সৰা গণ।
সিদ্ধ মুনিগণে মহিমা স্তুতি কৰে
কৌতুকে দোলে নাৰায়ণ।।
পূৰ্ণ শশী জিনি জ্বলয় চন্দ্ৰতাপ
মুকুতা মণি শাৰী শাৰী।
উৰ্দ্ধ দৃষ্টি কৰি পৰম আনন্দে
নিৰিখে যত নৰনাৰী।।
হৰিৰ দৌলৰ মহিমা কৌতুক
কমনে কহি পাৱে সীমা।
আসোক মানুষ দেৱ মুণি গণে
নজানে যাৰ মহিমা।।
দৌলৰ উৱৰে মগৰ ভিতৰে
দোলয় ত্ৰিজগত-পতি।
পৰম মূঢ়মতি কহয় মাধৱ
গোৱিন্দ পদে মোৰ গতি।।
ধ্ৰুং।। দোলায় গোৱিন্দ পৰম আনন্দে ৰতন সিংহাসনে বসি।
কনক-বিৰচিত দোলৰ মণ্ডপ জ্বলয় যেন ৰবি শশী।।
পদ।। ৰতন ভূষণ জ্বলয় শ্যাম-তনু
ফাগুৱে হুয়া উজ্জ্বলত।
নবীন মেঘে যেন বিজুৰী সঞ্চাৰ
পেখিতে কাম বিমোহিত।।
ছত্ৰ চামৰে চৌভিতি ৰঞ্জিত
কনকময় ধ্বজ দণ্ড।
আকাশে দেৱগণে কুসুম বৰিষয়
বাজায়া বহু বাদ্য-ভণ্ড।।
গন্ধৰ্ব্ব গাৱয় বাৱয় বিদ্যাধৰে
নাচয় অপ্সৰা গণ।
সিদ্ধ মুনিগণে মহিমা স্তুতি কৰে
কৌতুকে দোলে নাৰায়ণ।।
পূৰ্ণ শশী জিনি জ্বলয় চন্দ্ৰতাপ
মুকুতা মণি শাৰী শাৰী।
উৰ্দ্ধ দৃষ্টি কৰি পৰম আনন্দে
নিৰিখে যত নৰনাৰী।।
হৰিৰ দৌলৰ মহিমা কৌতুক
কমনে কহি পাৱে সীমা।
আসোক মানুষ দেৱ মুণি গণে
নজানে যাৰ মহিমা।।
দৌলৰ উৱৰে মগৰ ভিতৰে
দোলয় ত্ৰিজগত-পতি।
পৰম মূঢ়মতি কহয় মাধৱ
গোৱিন্দ পদে মোৰ গতি।।
No comments:
Post a Comment