ৰাগঃ কৌ
ধ্ৰুং।। উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল।
কমল-নয়ন বুলি ঘন ঘন যশোৱা ডাকিতে লৈল।।
পদ।। মোৰ প্ৰাণধন সুচন্দে বয়ন
গাৱ চালি তেজ নিন্দ।
সব পুৰুষৰ শিৰৰ ভূষণ
তুমি সে বাপু গোবিন্দ।।
মোৰ পুত্ৰ বুলি যশোৱা গোৱালী
বুকে বান্ধি কোলে লৈল।
বয়ন চুম্বন কৰি ঘনে ঘন
আনন্দে মগন ভৈল।।
সিদ্ধ মুনি গণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে।
ত্ৰিজগত পতি ভকত মিলল
মূৰুখ মাধৱে বোলে।।
ধ্ৰুং।। উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল।
কমল-নয়ন বুলি ঘন ঘন যশোৱা ডাকিতে লৈল।।
পদ।। মোৰ প্ৰাণধন সুচন্দে বয়ন
গাৱ চালি তেজ নিন্দ।
সব পুৰুষৰ শিৰৰ ভূষণ
তুমি সে বাপু গোবিন্দ।।
মোৰ পুত্ৰ বুলি যশোৱা গোৱালী
বুকে বান্ধি কোলে লৈল।
বয়ন চুম্বন কৰি ঘনে ঘন
আনন্দে মগন ভৈল।।
সিদ্ধ মুনি গণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে।
ত্ৰিজগত পতি ভকত মিলল
মূৰুখ মাধৱে বোলে।।
No comments:
Post a Comment