ৰাগঃ ভাটিয়ালী
ধ্ৰুং।। গোপাল গোৱালী পাৰাত নাচে।
চৰণ চলাই নূপুৰ বজাই মধুৰ হাসে।।
পদ।। পীত ধটি কটি কাচনি কাচিয়া
আগু পাছু লাসে ছাৱে।
বালকৰ ভাৱ দেখায়া কানাই
গোপীৰ মন ভুলাৱে।।
দধি বিকি আসি শুনিল গোৱালী
হৰি নাচিবৰ কথা।
পসাৰ পেলাই লৱৰন্তে যাই
কৃষ্ণক বেৰিল তথা।।
সব গোপী মেলি বাৱে হাত তুলি
বোলে ভাল কৰি নাচা।
হাতে তাৰ খাৰু দিব চিনি লাৰু
বাপু পূৰি তোৰ বাঞ্চা।।
গোপীৰ বচনে বৰ লোভ পাই
নাচল নানান ভাৱে।
কহয় মাধৱ আন গতি নাই
ভজ গোৱিন্দৰ পাৱে।।
ধ্ৰুং।। গোপাল গোৱালী পাৰাত নাচে।
চৰণ চলাই নূপুৰ বজাই মধুৰ হাসে।।
পদ।। পীত ধটি কটি কাচনি কাচিয়া
আগু পাছু লাসে ছাৱে।
বালকৰ ভাৱ দেখায়া কানাই
গোপীৰ মন ভুলাৱে।।
দধি বিকি আসি শুনিল গোৱালী
হৰি নাচিবৰ কথা।
পসাৰ পেলাই লৱৰন্তে যাই
কৃষ্ণক বেৰিল তথা।।
সব গোপী মেলি বাৱে হাত তুলি
বোলে ভাল কৰি নাচা।
হাতে তাৰ খাৰু দিব চিনি লাৰু
বাপু পূৰি তোৰ বাঞ্চা।।
গোপীৰ বচনে বৰ লোভ পাই
নাচল নানান ভাৱে।
কহয় মাধৱ আন গতি নাই
ভজ গোৱিন্দৰ পাৱে।।
No comments:
Post a Comment