Thursday, March 20, 2014

জয়তি পৰমানন্দ এ নন্দ কুমাৰ

ৰাগঃ শ্ৰী

ধ্ৰুং।। জয়তি পৰমানন্দ এ নন্দ কুমাৰ।
          নিগম-নিগূঢ় হৰি ভয়ো অৱতাৰ।।

পদ।। তেজিয়া বৈকুণ্ঠপুৰী এ চিদ্-বিলাস।
          কি লাগি কমলাপতি ব্ৰজে কৈলা বাস।।

          শঙ্খ-চক্ৰ-গদা-পদ্ম তেজি অস্ত্ৰ চাৰি।
          কি লাগি হইলা শিঙা বেত-বেণুধাৰী।।

          কোটি কোটি ব্ৰহ্মাণ্ডেৰ তেজিয়া বিভূতি।
          কি লাগি হইলা প্ৰভু গোপেৰ মূৰুতি।।

          যাৰ আজ্ঞা-বাণী ব্ৰহ্মা হৰে শিৰে ধৰে।
          সোহি আজ্ঞা পালা কেনে গোৱালীৰ ঘৰে।।

          যাৰ পদৰেণু শিৰে ধৰে দিগপাল।
          সোহি প্ৰভু ভৈলা কেনে ব্ৰজে ৰাখোৱাল।।

          কহয় মাধৱদাস দিন মতি হীনা।
               সহজে দয়াল হৰি ভকতি অধীনা।।

No comments:

Post a Comment