ৰাম পৰম ধন চিন্তহু মন ভাই
ৰাগ: গৌৰী
ধ্ৰুং।। ৰাম পৰম ধন চিন্তহু মন ভাই।
তনু চিন্তামণি বিফলহি যাই।।
পদ।। বিষয়ক সুখ শূকৰকহু পাই।
হৰি-পদ সেৱা মানৱী বিনে নাই।।
ঝুণ্টা ঐচন জনম গোঁঞাই।
বিষয়-কাচক মূলে মাণিক বিকাই।।
ওহি পৰম তত্ত্ব বেদক বাণী।
কহত মূৰুখ মতি মাধৱ জানি।।
No comments:
Post a Comment