Friday, March 28, 2014

মোহেৰে মন মদন গোপালা

ৰাগঃ মাহুৰ ধনশ্ৰী

ধ্ৰুং।। মোহেৰে মন মদন গোপালা।
          হৃদয়ে হেম হাৰ বনমালা।।

পদ।। মোহন কদম্ব তলে মোহন কানাই।
          মোহন মধুৰ বেণু পঞ্চম গাই।।
  
          মোহন বিৰিন্দা-বনে মোহন কালিনী।
          পেখি মোহন কানু ভুলল গোপিনী।।

          বেদশিৰোমণি যাৰ চৰণ বিকাশে।
          সো হৰি গোকুল মহ পৰকাশে।।

          হৰিকো চৰণ ৰেণু অভিলাষা।
          কহতু মাধৱ হৰি দাসকু দাসা।।

No comments:

Post a Comment