ৰাগঃ বৰাড়ী
ধ্ৰুং।। সোই-সোই-শ্যাম মনোহৰ দেখিয়ো নয়ন ভৰি।
ব্ৰজেৰ প্ৰজাৰ ভাগ্য-ফল গোটে আছয় মূৰুতি ধৰি।।
পদ।। শ্যাম নাম নৱ অমৃত ৰসেৰ
এৰূপে ভৈল ভাণ্ডাৰ।
গোকুলবাসীৰ নয়ন উৎসৱ
আনন্দ কুসুম সাৰ।।
যোহি অঙ্গে গৈয়া দৃষ্টিপাত হয়
তথাতে স্তম্ভিয়া ৰয়।
কতনা নয়নে পান কৰিবেক
যতেক মাধুৰী বয়।।
দেখিতে দেখিতে নবীন নবীন
ৰূপেৰ লাৱণ্য বোলে।
এৰূপ তেজিয়া আৱৰ দেখিয়া
নয়ন মৰে বিকলে।।
লাজে মনমথে মূৰুতি নধৰে
ৰূপেৰ দেখি মাধুৰী।।
লাৱণ্য দেখিয়া সব চুৰ ভৈল
বিধিৰ যত চাতুৰী।।
কত জনমেৰ ভাগ্যে মিলি আছে
গোকুলেৰ সুমঙ্গল।
এৰূপ লাৱণ্য যি জনে দেখয়
তাৰেসে জন্ম সফল।।
এৰূপ মাধুৰী তেজিয়া আৱৰ
দেখিতে মন নধাৱে।
মোৰ নিজ গতি নন্দৰ নন্দন
মূৰুখ মাধৱে গাৱে।।
ধ্ৰুং।। সোই-সোই-শ্যাম মনোহৰ দেখিয়ো নয়ন ভৰি।
ব্ৰজেৰ প্ৰজাৰ ভাগ্য-ফল গোটে আছয় মূৰুতি ধৰি।।
পদ।। শ্যাম নাম নৱ অমৃত ৰসেৰ
এৰূপে ভৈল ভাণ্ডাৰ।
গোকুলবাসীৰ নয়ন উৎসৱ
আনন্দ কুসুম সাৰ।।
যোহি অঙ্গে গৈয়া দৃষ্টিপাত হয়
তথাতে স্তম্ভিয়া ৰয়।
কতনা নয়নে পান কৰিবেক
যতেক মাধুৰী বয়।।
দেখিতে দেখিতে নবীন নবীন
ৰূপেৰ লাৱণ্য বোলে।
এৰূপ তেজিয়া আৱৰ দেখিয়া
নয়ন মৰে বিকলে।।
লাজে মনমথে মূৰুতি নধৰে
ৰূপেৰ দেখি মাধুৰী।।
লাৱণ্য দেখিয়া সব চুৰ ভৈল
বিধিৰ যত চাতুৰী।।
কত জনমেৰ ভাগ্যে মিলি আছে
গোকুলেৰ সুমঙ্গল।
এৰূপ লাৱণ্য যি জনে দেখয়
তাৰেসে জন্ম সফল।।
এৰূপ মাধুৰী তেজিয়া আৱৰ
দেখিতে মন নধাৱে।
মোৰ নিজ গতি নন্দৰ নন্দন
মূৰুখ মাধৱে গাৱে।।
No comments:
Post a Comment