ৰাগঃ সিন্ধুৰা
ধ্ৰুং।। গোধূলি গোধন বান্ধি নাৰায়ণ
স্নানিয়া শীতল জলে।
ক্ষীৰ দধি অন্ন কৰিয়া ভোজন
ৰঙ্গ ৰঞ্জি পৰিমলে।।
পদ।। কৰ্পূৰ তাম্বুল ভূঞ্জি সুৰভি ফুল
মালতী বকুল মালা।
সুৰঙ্গ বসন ৰতন ভূষণ
ভূষিত হৈয়া কালা।।
কেশ মনোহৰ মঞ্জীৰ ৰত্নৰ
চৰণ পঙ্কজ শোহে।
বাইৰ হুৱা পাড়া বহু ৰসে খেড়া
খেলাইতে ভূবন মোহে।।
ৰুদ্ৰক বিলাস বিপঞ্চী ৰৰাব
শৰোদ স্বৰমণ্ডলে।
মধুৰ মৃদঙ্গ মন্দিৰা উপাঙ্গ
বহু বাদ্য সুমঙ্গলে।।
নানা ৰসে লাসে কেহো নাচে হাসে
কেহো গাৱে কেহো বায়।
ৰাম নাৰায়ণ সঙ্গে শিশুগণ
শোহে বিদ্যাধৰ প্ৰায়।।
নগৰে নগৰে ৰাম দামোদৰে
ফুৰে আনন্দিত মনে।
হুয়া বিমোহিত তেজি গৃহ-কৃত্য
চাহে গোপ-গোপীগণে।।
শ্যাম শৰীৰৰ কান্তি মনোহৰ
গোপ পুৰ পৰকাশে।
অনন্ত ৰসৰ ঠাকুৰ খেলায়
কহয় মাধৱ দাসে।।
ধ্ৰুং।। গোধূলি গোধন বান্ধি নাৰায়ণ
স্নানিয়া শীতল জলে।
ক্ষীৰ দধি অন্ন কৰিয়া ভোজন
ৰঙ্গ ৰঞ্জি পৰিমলে।।
পদ।। কৰ্পূৰ তাম্বুল ভূঞ্জি সুৰভি ফুল
মালতী বকুল মালা।
সুৰঙ্গ বসন ৰতন ভূষণ
ভূষিত হৈয়া কালা।।
কেশ মনোহৰ মঞ্জীৰ ৰত্নৰ
চৰণ পঙ্কজ শোহে।
বাইৰ হুৱা পাড়া বহু ৰসে খেড়া
খেলাইতে ভূবন মোহে।।
ৰুদ্ৰক বিলাস বিপঞ্চী ৰৰাব
শৰোদ স্বৰমণ্ডলে।
মধুৰ মৃদঙ্গ মন্দিৰা উপাঙ্গ
বহু বাদ্য সুমঙ্গলে।।
নানা ৰসে লাসে কেহো নাচে হাসে
কেহো গাৱে কেহো বায়।
ৰাম নাৰায়ণ সঙ্গে শিশুগণ
শোহে বিদ্যাধৰ প্ৰায়।।
নগৰে নগৰে ৰাম দামোদৰে
ফুৰে আনন্দিত মনে।
হুয়া বিমোহিত তেজি গৃহ-কৃত্য
চাহে গোপ-গোপীগণে।।
শ্যাম শৰীৰৰ কান্তি মনোহৰ
গোপ পুৰ পৰকাশে।
অনন্ত ৰসৰ ঠাকুৰ খেলায়
কহয় মাধৱ দাসে।।
No comments:
Post a Comment