ৰাগঃ ধনশ্ৰী
ধ্ৰুং।। পৰভাতে বিহাৰে চলে মুৰাৰি।
মধুৰ নটবৰ-বেশ ধাৰী।।
পদ।। শিৰে ময়ূৰেৰ পুচ্ছ লুলে।
কুসুম কৰ্ণিকাৰ কৰ্ণমূলে।।
কনক পিশঙ্গ বসন ভালা।
উৰে লুলে বৈজয়ন্তী মালা।।
অধৰ সুধা বেণু ৰন্ধ্ৰ পূৰে।
সুৰস পঞ্চম অমিয়া ঝুৰে।।
সঙ্গে অলেখ গোৱালগণে।
দিশ-দশো পূৰয় হৰি-কীৰ্ত্তনে।।
নিজপদে ৰঞ্জিত বৃন্দাবনে।
হৰি প্ৰবেশিলা ৰঙ্গ মনে।।
কহে মূৰুখ মাধৱ-দাসে।
হৰি পদ-পদ্ম মকৰন্দ আশে।।
ধ্ৰুং।। পৰভাতে বিহাৰে চলে মুৰাৰি।
মধুৰ নটবৰ-বেশ ধাৰী।।
পদ।। শিৰে ময়ূৰেৰ পুচ্ছ লুলে।
কুসুম কৰ্ণিকাৰ কৰ্ণমূলে।।
কনক পিশঙ্গ বসন ভালা।
উৰে লুলে বৈজয়ন্তী মালা।।
অধৰ সুধা বেণু ৰন্ধ্ৰ পূৰে।
সুৰস পঞ্চম অমিয়া ঝুৰে।।
সঙ্গে অলেখ গোৱালগণে।
দিশ-দশো পূৰয় হৰি-কীৰ্ত্তনে।।
নিজপদে ৰঞ্জিত বৃন্দাবনে।
হৰি প্ৰবেশিলা ৰঙ্গ মনে।।
কহে মূৰুখ মাধৱ-দাসে।
হৰি পদ-পদ্ম মকৰন্দ আশে।।
No comments:
Post a Comment