ৰাগঃ বসন্ত
ধ্ৰুং।। কৰু হৰি বিৰিন্দা-বিপিন বিহাৰা।
সকল সুৰাসুৰ মুনিগণ চাৰণ চৰণ-ধিয়াৱত যাৰা।।
পদ।। আভীৰ বালক মিলে গোঁসাই খেলনা খেলে
কালিন্দী পুলিন নিকুঞ্জে।
শ্যামল সুন্দৰ তনু ৰঞ্জিত কৰে বেণু
কৰ্ণে বিভূষিত গুঞ্জে।।
কুন্দ কুমুদ কেলি কদম্ব কুসুমলতী
মালতী মালী তমালে।
কৰু অঙ্গ ভূষিত চুম্বিত মধুকৰ
সুন্দৰ মদন-গোপালে।।
গোধূলি ধূসৰ গায় কঞ্জ-নয়নে চায়
চান্দ-বয়নে বেণু বায়।
উৰে হীৰ হেম হাৰ ৰঞ্জিত বনমাল
লহু লহু পঞ্চম গায়।।
মৃদু পদে মঞ্জীৰ ঝুৰয় গম্ভীৰ
ধীৰ-গমন গতি ধায়।
গোপী কুচ-কুঙ্কুম ৰঞ্জিত পদযুগ
ৰাজীৱ অধিক সুহাই।।
সকল কলাৰস নাগৰ সাগৰ
সুৰশেখৰ যদুৰাই।
তযু পদ পঙ্কজ মধুকৰ মতিহীন
দীন মাধৱে গুণ গাই।।
ধ্ৰুং।। কৰু হৰি বিৰিন্দা-বিপিন বিহাৰা।
সকল সুৰাসুৰ মুনিগণ চাৰণ চৰণ-ধিয়াৱত যাৰা।।
পদ।। আভীৰ বালক মিলে গোঁসাই খেলনা খেলে
কালিন্দী পুলিন নিকুঞ্জে।
শ্যামল সুন্দৰ তনু ৰঞ্জিত কৰে বেণু
কৰ্ণে বিভূষিত গুঞ্জে।।
কুন্দ কুমুদ কেলি কদম্ব কুসুমলতী
মালতী মালী তমালে।
কৰু অঙ্গ ভূষিত চুম্বিত মধুকৰ
সুন্দৰ মদন-গোপালে।।
গোধূলি ধূসৰ গায় কঞ্জ-নয়নে চায়
চান্দ-বয়নে বেণু বায়।
উৰে হীৰ হেম হাৰ ৰঞ্জিত বনমাল
লহু লহু পঞ্চম গায়।।
মৃদু পদে মঞ্জীৰ ঝুৰয় গম্ভীৰ
ধীৰ-গমন গতি ধায়।
গোপী কুচ-কুঙ্কুম ৰঞ্জিত পদযুগ
ৰাজীৱ অধিক সুহাই।।
সকল কলাৰস নাগৰ সাগৰ
সুৰশেখৰ যদুৰাই।
তযু পদ পঙ্কজ মধুকৰ মতিহীন
দীন মাধৱে গুণ গাই।।
No comments:
Post a Comment