ৰাগঃ বৰাড়ী
ধ্ৰুং।। ব্ৰজৰ বালক সঙ্গে ৰঙ্গেমনে নাচতু এ সদা শিৱ।
ওহি অৱতাৰে নিজ যশচয় প্ৰচাৰি তাৰিলা জীৱ।।
পদ।। ওহি যেবে নোহে নিজানন্দ সুখে
সদায়ে ৰমণ যাৰ।
সে সুখ তেজিয়া কমন কাৰণে
কৰত নৃত্য বিহাৰ।।
বেদশিৰোভাগে যন্ত্ৰ মন্ত্ৰ মাজে
যাহেৰ পদ বিৰাজে।
সোহি মাহেশ্বৰ বনেৰ ভিতৰ
নাচত কমন কাজে।।
অবিদ্যা মোহিত হুৱা জীৱ যত
তৰিতে পন্থ নপাৱে।
মোৰ যশ শুনি সুখে নিস্তৰোক
নাচতু এমন ভাৱে।।
জীৱৰ তৰণ হেতু নাৰায়ণ
বিকুণ্ঠ তেজিয়া আসি।
কহয় মাধৱ নানাবিধ ৰসে
প্ৰচাৰিলা যশৰাশি।।
ধ্ৰুং।। ব্ৰজৰ বালক সঙ্গে ৰঙ্গেমনে নাচতু এ সদা শিৱ।
ওহি অৱতাৰে নিজ যশচয় প্ৰচাৰি তাৰিলা জীৱ।।
পদ।। ওহি যেবে নোহে নিজানন্দ সুখে
সদায়ে ৰমণ যাৰ।
সে সুখ তেজিয়া কমন কাৰণে
কৰত নৃত্য বিহাৰ।।
বেদশিৰোভাগে যন্ত্ৰ মন্ত্ৰ মাজে
যাহেৰ পদ বিৰাজে।
সোহি মাহেশ্বৰ বনেৰ ভিতৰ
নাচত কমন কাজে।।
অবিদ্যা মোহিত হুৱা জীৱ যত
তৰিতে পন্থ নপাৱে।
মোৰ যশ শুনি সুখে নিস্তৰোক
নাচতু এমন ভাৱে।।
জীৱৰ তৰণ হেতু নাৰায়ণ
বিকুণ্ঠ তেজিয়া আসি।
কহয় মাধৱ নানাবিধ ৰসে
প্ৰচাৰিলা যশৰাশি।।
No comments:
Post a Comment