Saturday, September 13, 2014

লৱণু চোৰা বুলি যশোৱা মাই

ৰাগঃ কানাৰা

ধ্ৰুং।। লৱণু চোৰা বুলি যশোৱা মাই।
          গো-কণ্ঠ পাশে বান্ধয় যদুৰাই।।

পদ।। পূৰ্ব্বাপৰ অন্ত নাহিক যাহাৰু।
          সোহি পৰম গুৰু জগত-আধাৰু।।

          বাহিৰ ভিতৰ যাকেৰি নাই।
          গোৱাৰী বান্ধে লৱণু-চোৰা পাই।।

          গাৱ সন্ধানে যশোৱা ৰজ্জু আনে।
          জোৰয় নাহি আঙ্গুল দুহু মানে।।

          পুনু পুনু ৰজ্জু-বিচাৰ কয় আনি।
          উদৰে মেৰাই বান্ধয় সতী টানি।।

          তবহু নোজোৰে আঙ্গুল দুহু-পাশে।
          পেখিয়ে গোপ ৰমণী সব হাসে।।

          হৰিকহু তত্ত্ব জানয়ে নাহি কোই।
          মাধৱ কহ গতি গোৱিন্দ মোই।।   

No comments:

Post a Comment