শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত বৰগীত সম্পৰ্কে

'গুৰুচৰিত'ত উল্লেখ আছে যে শ্ৰীমন্ত শঙ্কৰে ৰচনা কৰা বাৰকুৰি বৰগীত সম্বলিত পুথি বৰপেটাৰ কমলা গায়নে আওৰাবলৈ বুলি নিওঁতে চ'তমহীয়া বন পোৰা জুইয়ে গায়নৰ ঘৰ পোৰাত সম্পূৰ্ণৰূপে নষ্ট হ'ল। মনৰ দুখত গুৰুজনাই প্ৰিয় শিষ্য মাধৱদেৱক ক'লে - "বৰাৰ পো, অনেক শ্ৰমকৈ গীত খানি কৈলো, পুইলে। গীত কিছু কৰাঁ, আমি নকৰো আৰু।"

গুৰুৰ আদেশ শিৰোধাৰ্য্য কৰি মাধৱদেৱে তেতিয়া বৰগীত ৰচনা কৰাৰ কাম হাতত ল'লে। মাধৱদেৱে ৰচনা কৰা গীতৰ সংখ্যা সঠিককৈ ঠাৱৰ কৰিব পৰা হোৱা নাই। কোনো কোনো পণ্ডিতৰ মতে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা ১৫৭ টা। কিন্তু বৰ্ত্তমানে প্ৰচলিত বৰগীতৰ সংখ্যাৰ ক্ষেত্ৰত এই হিচাপৰ কিছু তাৰতম্য দেখা যায়। গোলাঘাটৰ 'পুথিতীৰ্থ প্ৰকাশন'ৰদ্বাৰা প্ৰকাশিত 'বৰগীত'ৰ পুথিত মাধৱদেৱ বিৰচিত মুঠ ১৬৭টি গীত সন্নিৱিষ্ট আছে। অৱশ্যে ইয়াৰ ভিতৰত বোধকৰো কিছু সংখ্যক অংকীয়া নাটৰ গীতো আছে।

শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত তথা বৰ্ত্তমানে উপলব্ধ ৩৪টা বৰগীতৰ ব্যৱহাৰ হোৱা ১৩টা ৰাগৰ বিপৰীতে মাধৱদেৱৰদ্বাৰা ৰচিত বৰগীতত ২৭টা ৰাগ ব্যৱহৃত হৈছে। বৰগীতত ব্যৱহৃত ৰাগসমূহৰ সৰহভাগেই ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতত ব্যৱহাৰ হয় যদিও 'কৌ' প্ৰভৃতি কেইটিমান ৰাগ গুৰু দুজনাৰ অভিনৱ সৃষ্টি ৰূপে গণ্য কৰা হয়, কিয়নো ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতত এনেবোৰ ৰাগৰ প্ৰচলন নাই।

শঙ্কৰদেৱ বিৰচিত বৰগীতত ব্যৱহৃত ১৩ টা ৰাগৰ উপৰিও মাধৱদেৱৰ বৰগীতসমূহত ব্যৱহাৰ কৰা আন ৰাগসমূহ হ'ল - ভাটিয়ালী, কামোদ, সিন্ধুৰা, কৌ, তুৰ-ভাটিয়ালী, বৰাড়ী, নট-মল্লাৰ, বেলোৱাৰ, শ্যাম, ললিত, মাহুৰ, সুহাই, মাউৰ আৰু কানাৰা।

No comments:

Post a Comment