Sunday, October 5, 2014

মোৰ ঘৰে ইটো কোন বোলয় গোৱালী

ৰাগঃ শ্ৰীগান্ধাৰ

ধ্ৰুং।। মোৰ ঘৰে ইটো কোন বোলয় গোৱালী।
          বলাইৰ কণিষ্ঠ মোক বোলে বনমালী।।

পদ।। গোপী বোলে এথা তুমি আইলা কি কাৰণ।
          ঘৰ পাসৰিয়া আইলো বোলে নাৰায়ণ।।

          জানিলো আসিয়া তুমি ঘৰ পাসৰিয়া।
          লৱণু কলসে কেনে আছা হাত দিয়া।।

          হৰি বোলে গোপী বৰ দোষ পাইলি বাছি।
          পিম্পৰা গুচাইতে লাগি হাত দিয়া আছি।।

          গোপী বোলে উপকাৰ কৰি আছা ভাল।
          কিসক জগাইলা মোৰ নিদ্ৰাৰ ছৱাল।।

          কানু বোলে বৎস মোৰ বিচাৰি নাপাইলো।
          তাক পুছিবাৰে তৰে ছৱাল জগাইলো।।

          গোপী বোলে শুন আৰে টেটন কানাই।
          তোহাৰ মুখত কেন লৱণু গোন্ধাই।।

          কাণু বোলে শুন অৰে গোপী নিদাৰুণী।
          তোহাৰ মুখত গোন্ধ তইসে চুৰুণী।।

          শুনিয়া গোপিনী কিছু নপাইলা উত্তৰ।
          মিছা মাতি গোপীক ভাণ্ডিলা দামোদৰ।।

          সকল কলাৰ গুৰু প্ৰভু নাৰায়ণ।
          গোপীক ভাণ্ডিলা তুমি এ কোন যতন।।

          কহয় মাধৱ হৰি শৰণ তোমাৰ।
          মিছা মাতিবাৰ লাগি কেন ব্যৱহাৰ।। 

No comments:

Post a Comment