Saturday, October 4, 2014

তেজহ তাপ শুনহু মেৰি মাই

ৰাগঃ বৰাড়ী

ধ্ৰুং।। তেজহ তাপ শুনহু মেৰি মাই।
          হামু দেখল তেৰি বালক কানাই।।

পদ।। লৱণু-চোৰ ধৰি আছয় গোৱালী।
          কৰত কানাই চোৰ-চাতুৰালী।।

          পাৰাকহো লোক মানত হৰি সাখী।
          হাতক লৱণু গোপিনী মুহে মাখি।।

          বোলত কানাই হামু কৈছে চোৰ।
          তুহু চুৰুণী মুখহি সাখী তোৰ।।

          লাজল গোপিনী উত্তৰ নাহি আটে।
          দেখলো কানাই জিনল ৰাজবাটে।।

          আঞ্চোৰে ধৰি আনত হৰি টানি।
          কাতৰ কৰত গোপী ভঙ্গ মানি।।

          শুনিয়ে তাপ তেজল যশো-মাই।
          কহয় মাধৱ গতি বালক কানাই।।  

No comments:

Post a Comment