Friday, October 3, 2014

আলো শুন গোৱালেৰ জায়া বোলয় গোপালে

ৰাগঃ ভাটিয়ালী

ধ্ৰুং।। আলো শুন গোৱালেৰ জায়া বোলয় গোপালে।
               হামাৰ গাৱে ধূলা দিল তোমাৰ ছৱালে।।

পদ।। কোনো কালে কাৰো হামি বোলো নাহি তই।
          একখানি বস্তু পাইলে বাটিয়া খাওঁ মই।।

          মাগিয়া আনো দধি দুগ্ধ তাৰো বণ্টা খায়।
          তথাপি তোমাৰ ছৱালে ধূলা দিল গায়।।

          তোমাৰ ছৱাল লৈয়া আমি মাৱৰ আগে যাইবো।
          পৰৰ দোষে কেনে আমি আপুনি মাৰণ খাইবো।।

          তুমি সব ভাল জানা আমাৰ মায়েৰ কথা।
          শুনিয়া গোপীৰ বৰ লাগি গৈল বেথা।।

          ধূলা ঝাড়ি ঝুৰিয়া বুলিলা প্ৰিয় বাণী।
          দধি দুগ্ধ লৱণু খাইবাৰ দিলা আনি।।

          বুন্দা কৰি আনন্দে ভুঞ্জিলা পেট ভৰি।
          কহয় মাধৱ ওহি হৰিৰ চাতুৰী।।

No comments:

Post a Comment