Saturday, October 4, 2014

নাযায়ো নাযায়ো তুমি গোৱালীৰ পাৰা

ৰাগঃ শ্ৰী

ধ্ৰুং।। নাযায়ো নাযায়ো তুমি গোৱালীৰ পাৰা।
          কতনো সহিবো মঞি তোমাৰ ঝগড়া।।

পদ।। কেহো বোলে চুৰি কৰি খাইল লৱণী।
          সব দধি দুধ খাইল বোলে কেহো জনী।।

          কেহো বোলে ভাঙ্গিলে জোখাৰ মোৰ ভাণ্ড।
          এমন বয়সে তুমি এত মান চাণ্ড।।

          মোহোৰ ঘৰেৰ দধি লৱণু দেঞো যদি।
          প্ৰতি দিনে দিনে বোৱাইবাৰ পাৰো নদী।।

          তথাপি নাযোৰে হৰি খাইবাৰ তোমাৰে।
          চুৰি কৰিবাৰে যাৱ পাৰাৰ ঘৰে ঘৰে।।

          নানান সুৰস কৰি নানান বাখৰে।
          যতন কৰিয়া সাজো খাইবাৰ তোমাৰে।।

          যত পাৰা মানে খাৱা পেট ভৰি ভৰি।
          দুখীৰ ছৱাল যেন ফুৰা চুৰি কৰি।।

          আৱৰ যদি যোৱা তুমি গোৱালীৰ বাড়ী।
          তেমনে মাৰিবো যেন গাৱে থাকে খাড়ি।।

          কহয় মাধৱ মাই গালি পাৰা কাৰে।
          ওহি তো নিয়ন্তা হৰি আতমা সবাৰে।।

No comments:

Post a Comment