শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত বৰগীত সম্পৰ্কে

'গুৰুচৰিত'ত উল্লেখ থকা অনুসৰি মহাপুৰুষ শঙ্কৰদেৱে মুঠ 'বাৰকুৰি' অৰ্থাৎ ২৪০টা বৰগীত ৰচনা কৰিছিল। কিন্তু ইয়াৰে মাত্ৰ ৩৪ টা বৰগীতহে বৰ্তমান উদ্ধাৰ হৈছে। এইকেইটা মূলতঃ তলত উল্লেখ কৰা মুঠ ১৩ টা ৰাগত নিৱদ্ধ -
        
আশোৱাৰী, শ্ৰী, কল্যাণ, ধনশ্ৰী, গৌৰী, তুৰ বসন্ত, বসন্ত, অহিৰ, মাহুৰ ধনশ্ৰী, সুহাই, কেদাৰ, ভূপালী আৰু মল্লাৰ।

'কথাগুৰুচৰিত' পুথিত উল্লেখ থকা মতে গুৰুজনাই প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে বদৰিকাশ্ৰমত পোনপ্ৰথমে 'মন মেৰি ৰাম চৰণহি লাগু' গীতটি ৰচনা কৰিছিল। ডঃ সত্যেন্দ্ৰনাথ শৰ্মাদেৱ প্ৰণীত 'অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত' পুথিৰ ১৪৮ নং পৃষ্ঠাত উল্লেখ কৰা অনুসৰি - "বৰগীতৰ প্ৰথম সৃষ্টি খৃষ্টীয় পঞ্চদশ শতিকাৰ শেষ দশকৰ আৰম্ভণিত (১৪৯০ খৃষ্টাব্দত)"।


No comments: