Sunday, October 5, 2014

গোকুলে আছে গোপাল বিনে ভয়ো আন্ধিয়াৰি

ৰাগঃ ধনশ্ৰী

ধ্ৰুং।। গোকুলে আছে গোপাল বিনে ভয়ো আন্ধিয়াৰি।
          উগত সুৰ দূৰ গয়োৰে মুৰাৰি।।

পদ।।   হামাৰি জীৱন দূৰ গয়োৰে গোৱিন্দ।
            নয়নে নেদেখো আৰু পদ অৰবিন্দ।।

            ৰবি বিনে দিন নোহে জল বিনে মীন।
            হৰি বিনে গোপীৰ জীৱন ভৈল ক্ষীণ।।

            ধৰণী লুটিয়া গোপী ফুকাৰে সঘন।
            কহয় মাধৱ গতি নন্দেৰ নন্দন।।

No comments:

Post a Comment