প্ৰস্তাৱনা


মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অপূৰ্ব সৃষ্টি বৰগীতসমূহ অসমীয়া ভাষা-সাহিত্য আৰু সাংগীতিক পৰম্পৰাৰ অমূল্য সম্পদ। মূলতঃ ব্ৰজাৱলী ভাষাত ৰচিত (শঙ্কৰদেৱৰদ্বাৰা ৰচিত সকলোখিনি আৰু মাধৱদেৱ বিৰচিত সৰহভাগ) বৰগীতসমূহক শাস্ত্ৰীয় সঙ্গীতৰ মৰ্য্যাদা দিয়া হৈছে। বিভিন্ন ৰাগত নিৱদ্ধ এই গীতসমূহ সাঙ্গিতিক আৰু কাব্যিক - দুয়োটা দিশৰ পৰাই অসমীয়াৰ বাবে অতি অমূল্য সম্পদ।

বৰগীতসমূহৰ কথা ছপাৰূপত উপলব্ধ যদিও ইউনিক'ড অসমীয়া লিপিত এতিয়ালৈকে মাত্ৰ কেইটামান বৰগীতহে ইণ্টাৰনেটত উপলভ্য হৈছে। এই ক্ষেত্ৰত borgeet.blogspot.in-ৰ স্ৰষ্টা শ্ৰী বিষ্ণু শইকীয়াৰ প্ৰয়াস প্ৰশংসাৰ যোগ্য।


তেখেতৰ পদাংককে অনুসৰণ কৰি গুৰু দুজনাৰ আটাইখিনি বৰগীত (ছপাৰূপত উপলব্ধ) ইউনিক'ড অসমীয়া লিপিত চাইবাৰ জগতত উপলভ্য কৰাৰ বাবেই আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস।


বৰগীতসমূহ শুদ্ধ ৰূপত লিপিৱদ্ধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে। তৎস্বত্ত্বেও দুই-এটা ভুল-ত্ৰুটি থাকি যাব পাৰে। সদাশয় পাঠকে এই সম্পৰ্কে আঙুলিয়াই দিলে পৰম কৃতাৰ্থ হ'ম।

No comments:

Post a Comment