Saturday, October 4, 2014

যশোৱা পুছয় পথিকজনে আকুলিত মনে

ৰাগঃ শ্ৰী

ধ্ৰুং।। যশোৱা পুছয় পথিকজনে আকুলিত মনে।
          হামাৰি বালক কেবা দেখলা নয়নে।।

পদ।। ভণ্টা খেলাইতে শ্ৰমজলে শোহে মুখ।
          সুন্দৰ বদন নিৰেখিতে মিলে সুখ।।

          কুবলয়-দল জিনি শোহে শ্যাম তনু।
          পথে পথে যশোৱা পুছয় পুনু পুনু।।

          বিহানে বজাইল খেড়ি খেলাইবাৰ তৰে।
          ভৈ গৈল বিয়াল পুতা এভো নাইল ঘৰে।।

          যমুনাৰ তীৰে তীৰে ফিৰে নন্দ-জায়া।
          ভৈলা অচেতন সতী পুত্ৰক নাপায়া।। 

          নয়নে নিগৰে নীৰ কান্দে যশোমতী।
          কাহেঁ গৈলে পাইবো লাগ পুতা যদুপতি।।

          ধৰণী লুটিয়া মুৰুচিত ভৈয়ো মাই।
          কহয় মাধৱ হৰি বিনে গতি নাই।।   

No comments:

Post a Comment