ৰাগঃ কামোদ
ধ্ৰুং।। পলাই জগত পতি নন্দজায়া যশোমতী
লাড়ু ধৰি পাচে পাচে ধাই।
কৰি আছা অপৰাধ কবহু নাহিকে বাধ
তাড়ন এড়ান নাযাই।।
পদ।। ভাঙ্গিয়া মথন মাঠি দধি সৱ কৈল নাঠি
নবীন লৱণু আছা খায়া।
মাৱৰ উঠিছে ৰাগ নাপাই নাছাড়িব লাগ
ভয়ে কম্পে থিৰ নুহি কায়া।।
লাগাল পাইলো মঞি আৰ কতি যাইবো তঞি
কত দুঃখ দিয়া আছা মোৰে।
পলাই আজি যাইবি যথা আমি ধায়া যাইবো তথা
আৰ লাগ নাছাৰিবো তোৰে।।
মহা মহা যোগীগণে পৰম নিৰ্ম্মল মনে
চিন্তিয়া নাপাই লাগ যাৰে।
সবাৰে আতমা হৰি হাতে গোপী লড়ু ধৰি
ধায়া ফুৰে তাৰে মাৰিবাৰে।।
জননীৰ দুঃখ দেখি হাতে কচালিয়া আখি
কান্দিয়া ৰহিল যেন ডৰে।
দেখিয়া যশোদা ৰাণী তনয়ৰ ভয় জানি
ধৰিলা তেজিয়া বাৰি কৰে।।
যাৰ সুমৰণে ডৰি কালো কাম্পে থৰ থৰি
যাৰ নামে মুকুতি মিলয়।
জননীক হুৱা ভয় হেন হৰি কম্পয়
দীন মাধৱ দাসে কয়।।
ধ্ৰুং।। পলাই জগত পতি নন্দজায়া যশোমতী
লাড়ু ধৰি পাচে পাচে ধাই।
কৰি আছা অপৰাধ কবহু নাহিকে বাধ
তাড়ন এড়ান নাযাই।।
পদ।। ভাঙ্গিয়া মথন মাঠি দধি সৱ কৈল নাঠি
নবীন লৱণু আছা খায়া।
মাৱৰ উঠিছে ৰাগ নাপাই নাছাড়িব লাগ
ভয়ে কম্পে থিৰ নুহি কায়া।।
লাগাল পাইলো মঞি আৰ কতি যাইবো তঞি
কত দুঃখ দিয়া আছা মোৰে।
পলাই আজি যাইবি যথা আমি ধায়া যাইবো তথা
আৰ লাগ নাছাৰিবো তোৰে।।
মহা মহা যোগীগণে পৰম নিৰ্ম্মল মনে
চিন্তিয়া নাপাই লাগ যাৰে।
সবাৰে আতমা হৰি হাতে গোপী লড়ু ধৰি
ধায়া ফুৰে তাৰে মাৰিবাৰে।।
জননীৰ দুঃখ দেখি হাতে কচালিয়া আখি
কান্দিয়া ৰহিল যেন ডৰে।
দেখিয়া যশোদা ৰাণী তনয়ৰ ভয় জানি
ধৰিলা তেজিয়া বাৰি কৰে।।
যাৰ সুমৰণে ডৰি কালো কাম্পে থৰ থৰি
যাৰ নামে মুকুতি মিলয়।
জননীক হুৱা ভয় হেন হৰি কম্পয়
দীন মাধৱ দাসে কয়।।