Friday, August 15, 2014

শুনলো যশোৱা মাই বচন হামাৰি

ৰাগঃ বসন্ত

ধ্ৰুং।। শুনলো যশোৱা মাই বচন হামাৰি।
          কি পুণ্য কৰিয়া পাইলা তনয় মুৰাৰি।।

পদ।। সুৰাসুৰ মুনি যাৰ চৰণ ধিয়ায়।
          সহস্ৰ বয়ন সদা যাৰ গুণ গায়।।

          চাৰি বেদে বিচাৰি নপাৱে যাৰ অন্ত।
          তোৰ ঘৰে ধেনু ৰাখে হেন ভগৱন্ত।।

          নিত্য নিৰঞ্জন শিৱ পুৰুষ পুৰাণ।
          ই তিনি ভুৱনে যাৰ নাহিকে সমান।।

          কোটি ব্ৰহ্মাণ্ডৰ পতি নাথ নাৰায়ণ।
          সো হৰি বয়নে তুহো কয়লি চুম্বন।।

          তিনি গুণ হীন প্ৰভু যোহি দামোদৰ।
          কোটি ব্ৰহ্মাণ্ড বৈঠে যাহেৰ উদৰ।।

          যাৰ মায়া পাশে বন্দী ই তিনি ভুৱন।
          সো হৰি উড়লে তুমি কয়লি বন্ধন।।

          যাৰ নাম লৈলে সুখে তৰে পাপীজন।
          সোহি হৰি তোৰ কোলে চড়ি খাইল স্তন।।

          কহয় মাধৱ দীন শুন হেৰ মাই।
          তুহু সম ভাগ্যৱতী আৰ কেহ নাই।।

No comments:

Post a Comment