Friday, August 15, 2014

গোৱিন্দ দুধ পিউ দুধ পিউ বলেৰে যশোৱা

ৰাগঃ শ্যাম

ধ্ৰুং।। গোৱিন্দ দুধ পিউ দুধ পিউ বলেৰে যশোৱা।
          দুধ না খায়া হৰি কান্দে ওৱা ওৱা।।

পদ।। অৰুণ অধৰ মুৰি কান্দে যদুমণি।
          চান্দ মুখেৰ বালাই লওঁ বোলেৰে জননী।।

          কান্দিতে নেত্ৰৰ নীৰ ধাৰে বহি পৰে।
          কমল পত্ৰৰ যেন শিশিৰ নিগৰে।।

          জননীৰ মুখ চায়া কান্দে যদু পতি।
          মই যাওঁ তুমি শোৱা বলে যশোমতী।।

          পায়ে ধৰোঁ শিৰে ধৰোঁ দুধ পিউ হৰি।
          মুখে স্তন লৈয়া কান্দে ফোকাৰি ফোকাৰি।।

           জগতৰ গুৰু ভাৱ লৈয়া মানবীৰ।
           কান্দিতে আকুলমতি কৈলা জননীৰ।।

           কহয় মাধৱ দাস বৰ অগিয়ান।
           ওহি ভাৱ সুমৰি ছুটুক মেৰি প্ৰাণ।।

No comments:

Post a Comment