Monday, August 18, 2014

মাগে লৱণু হৰি যশোৱাকু আগে

ৰাগঃ শ্ৰী

ধ্ৰুং।। মাগে লৱণু হৰি যশোৱাকু আগে।
          কৰ পাতি বোলয় লৱণু মেৰি লাগে।।

পদ।। পূৰবে বুলিয়া আছা লৱণু দিবাৰে।
          সোহি লৱণু মাি লাগয় হামাৰে।।

          লৱণু না পাইলে আজি না চাৰিবো তোৰে।
          গুণি চোৱা বাৰে বাৰে ভাণ্ডি আছা মোৰে।।

          মাৱৰ আঞ্চোৰে ধৰি বোলে নাৰায়ণে।
          লৱণু নাপায় আজি চাৰিবো কেমনে।।

          থৈয়াছিলা হয়ঙ্গবী হৰি পূজিবাৰে।
          এৰাইতে না পাৰি মাই দিলা আসি তাৰে।।

          নবীন লৱণু পায়া পৰম কৌতুকে।
          চৰাচৰ গুৰু হৰি ভুঞ্জিলা উৎসুকে।।

          লৱণু ভুঞ্জিয়া নাচে ত্ৰিজগত-পতি।
          কহয় মাধৱ হৰি পদ ৰেণু গতি।।

No comments:

Post a Comment