Friday, August 15, 2014

ভালি নাচে মদন গোপালা

ৰাগঃ শ্ৰীগৌৰী

ধ্ৰুং।। ভালি নাচে মদন গোপালা।
          বজাৱে মোহন বেণু গলে বনমালা।।

পদ।। অৰুণ চৰণ দুহো ঠমকে চলায়।
          ঈষত ঈষত হাসি পঞ্চম গায়।।

          শ্যামল সুন্দৰ চান্দ-বয়ন বিকাশ।
          কহয় মাধৱ দীন হৰি-পদ-দাস।।

No comments:

Post a Comment