Monday, August 18, 2014

গোপাল শুনৰে বাপ ৰোষ কৰা দূৰ

ৰাগঃ শ্ৰী

ধ্ৰুং।। গোপাল শুনৰে বাপ ৰোষ কৰা দূৰ।
          তোমাৰ পাৱৰ বালাই লওঁ মই বাপেৰ ঠাকুৰ।।

পদ।। মাণিক জ্বলিয়া জ্বলে দুখানি অধৰ।
          ৰোষ দুঃখ ভৰে অতি ভৈ গৈল ঝামৰ।।

          কান্দিতে কান্দিতে পুত্ৰ বৰ পাইল দুঃখ।
          নেত্ৰজল মলিন সুন্দৰ চান্দ মুখ।।

          হাট বাটে গেল দাসী সকলে তোমাৰে।
          যমুনাই গেলু হামু নীৰ ভৰিবাৰে।।

          তোমাৰ বাপ নন্দ ঘোষ তাঞি নাহি ঘৰে।
          সকল লৱণু খাইলে পোষণ বান্দৰে।।

          দুৰ্জ্জন বানৰে দিলে আপুনি আসঙ্গ।
          সে খাইল লৱণু খিনি মোৰে কেন খঙ্গ।।

          খাইলে খাইলে মাৰিবো বানৰ পাইলে লাগ।
          এখনে কাতৰ কৰো এৰা ৰোষ ৰাগ।।

          তোমাৰ বান্দৰে খাইলে মোৰ কিবা ঘাটি।
          হামাত ৰোষে বাগৰে গাৱত লাগে মাটি।।

          মাণিক পুতলি তনু ধূলায়ে ধুসল।
          কান্দিতে ভাগিল গলা হইল বিকল।।

          এখনে আনিবো দুধ মথিবো আপুনি।
          যত পাৰা খাইবা দিবো এ নৱ লৱণী।।

          ক্ষীৰৰ লাড়ু সাজি দিবো চিনি থৈ মাথি।
          সঞ্জাত ন যাৱ পাৰাৰ লোক কৰা সাখী।।

          এ বোল শুনিয়া হৰি তেজল ৰোদন।
          ধূলা ঝাৰি কোলে লৈয়া মায়ে দিলা স্তন।।

          স্তন পান কৰি হাসি তোলে নাৰায়ণ।
          কহয় মাধৱ গতি নন্দৰ নন্দন।।

No comments:

Post a Comment