Friday, August 15, 2014

তেজৰে কমলাপতি পৰভাত নিন্দ

ৰাগঃ শ্যাম

ধ্ৰুং।। তেজৰে কমলাপতি পৰভাত নিন্দ।
         তেৰি চান্দ মুখ পেখো উঠৰে গোৱিন্দ।।

পদ।। ৰজনী বিদূৰ দিশ ধৱলী বৰণ।
          তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ।।

          শতপত্ৰ-বিকশিত ভ্ৰমৰ উড়াই।
          ব্ৰজবধূ দধি মথে তুৱা গুণ গাই।।

          দাম সুদাম ডাকে তেৰি লৈয়া নাম।
          হেৰ দেখ উঠিয়া আসিল বলৰাম।।

          নন্দ গেল বাথানে গোৱান গেল পাল।
          সুৰভী চাৰিতে লাগে উঠৰে গোপাল।।

          ক্ষীৰ লৱণু লৈয়া শিঙা বেত বেণু।
          সকালে মেলিয়ো বৎস হাম্বালাৱে ধেনু।।

          কহয় মাধৱ মাই কিনো তপসাইলা।
          ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা।।

No comments:

Post a Comment