Friday, August 15, 2014

যাদু ভাল নাচতু- নন্দনন্দন গোবিন্দ নাচতু

ৰাগঃ নাটমল্লাৰ

ধ্ৰুং।। যাদু ভাল নাচতু- নন্দনন্দন গোবিন্দ নাচতু,
          ব্ৰজ নায়ক নাগৰ নাচতু পৰমানন্দ ৰসেৰে।
          সুৰাসুৰে যাৰ চৰণ পঙ্কজ ৰেণু শিৰে পৰশেৰে।।

পদ।। লাৱণ্য সুন্দৰ কটি ধৰিয়া এ বাম হাতেৰে।
          দক্ষিণ কোমল কৰ থাপিয়া এ প্ৰভু মাথেৰে।।

          কটিত কিঙ্কিণী বাজে নূপুৰ ঝুৰয় পাৱেৰে।
          ঈষত কটাক্ষ হাসি সুন্দৰ ভ্ৰুৱ চলাৱেৰে।।

          নাটেৰ মাধুৰী গোপী মোহন মদন ফান্দেৰে।
          যশোমতী নন্দ-নন্দন চকোৰ শ্যাম সুন্দৰ চান্দেৰে।।

          চৌভিতি গোপিনী বেঢ়ি হাতে তালি বজাৱেৰে।
          কহয় মাধৱ হৰি ভূৱন মন ভুলাৱেৰে।। 

No comments:

Post a Comment