Monday, August 18, 2014

ভূমি লুটি কান্দে গোপীনাথ ভাণ্ডিতে মাৱৰে

ৰাগঃ ভাটিয়ালী

ধ্ৰুং।। ভূমি লুটি কান্দে গোপীনাথ ভাণ্ডিতে মাৱৰে।
          চুৰি কৰি ক্ষীৰ লৱণু খাৱে ভাণ্ড নিজৰে।।

পদ।। কেবা নিয়া খাইল মোৰ এ নৱ লৱণী।
          ওহি বুলি হুমহুমি কান্দে যদুমণি।।

          ঘন ক্ষীৰ ফুটি থৈয়াছিলো তাৰে গেল খায়া।
          ওহি বুলি কান্দে কানু ভাণ্ডিতে গড়াইয়া।।

          এথানে আছিল বাঁহী কেবা নিল তাৰে।
          এ তিনি প্ৰমাদ মোৰ ভৈল একেবাৰে।।

          ওহি বুলি গেৰিপাৰি কান্দে যদুৰাই।
          কহয় মাধৱ গতি বালক কানাই।।

No comments:

Post a Comment