ৰাগ - ভাটিয়ালী
ধ্ৰুং ।। দয়াৰ ঠাকুৰ হৰি যদুমণি ঐ ৰাম!
অধমে তোমাৰ নাম ডাকে।
কৃপা কৰা নাৰায়ণ আহ্মাৰ চঞ্চল মন
তোহ্মাৰ চৰণে যেন থাকে।।
পদ ।। এক বিপ্ৰ অজামিল মন্দমতি পাপশীল
পুত্ৰভাৱে সুমৰি তোহ্মাৰে।
কৰ্ম্মবন্ধ কৰি নাশ বৈকুণ্ঠে পাইলেক বাস
ইটো অতি বিদিত সংসাৰে।।
তাতো কোটি কোটি গুণ পাপমতি নিদাৰুণ
তোমাৰ নামত কৈলোঁ আশা।
পৰম পতিত আমি পতিত-পাৱন তুমি
ই জানিয়া কৰিলোঁ ভাৰসা।।
ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল
ধন্য ধন্য ভাৰতবৰিষে।
তপ-জপ-যজ্ঞ তেজি তোহ্মাৰ চৰণে ভজি
তুৱা নাম ঘুষিও হৰিষে।।
সকল নিগমে কয় অতয়ে তোহ্মাক পায়
আক ভালে জানিয়া নাৰায়ণে।
মাধৱ মূৰুখ-মতি সত্যে সত্যে যদুপতি
তুৱা পাৱে পশিলোঁ শৰণে।।
ধ্ৰুং ।। দয়াৰ ঠাকুৰ হৰি যদুমণি ঐ ৰাম!
অধমে তোমাৰ নাম ডাকে।
কৃপা কৰা নাৰায়ণ আহ্মাৰ চঞ্চল মন
তোহ্মাৰ চৰণে যেন থাকে।।
পদ ।। এক বিপ্ৰ অজামিল মন্দমতি পাপশীল
পুত্ৰভাৱে সুমৰি তোহ্মাৰে।
কৰ্ম্মবন্ধ কৰি নাশ বৈকুণ্ঠে পাইলেক বাস
ইটো অতি বিদিত সংসাৰে।।
তাতো কোটি কোটি গুণ পাপমতি নিদাৰুণ
তোমাৰ নামত কৈলোঁ আশা।
পৰম পতিত আমি পতিত-পাৱন তুমি
ই জানিয়া কৰিলোঁ ভাৰসা।।
ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল
ধন্য ধন্য ভাৰতবৰিষে।
তপ-জপ-যজ্ঞ তেজি তোহ্মাৰ চৰণে ভজি
তুৱা নাম ঘুষিও হৰিষে।।
সকল নিগমে কয় অতয়ে তোহ্মাক পায়
আক ভালে জানিয়া নাৰায়ণে।
মাধৱ মূৰুখ-মতি সত্যে সত্যে যদুপতি
তুৱা পাৱে পশিলোঁ শৰণে।।