ৰাগ - তুৰ-ভাটিয়ালী
ধ্ৰুং ।। কেমনে পাইবোঁ হৰি চৰণ তোৰে।
এ দুঃখ সাগৰে উদ্ধাৰ মোৰে।।
পদ ।। এ ভৱ আটোপ অৰণ্য মাজে।
কালব্যাধে মৃগ মাৰিতে সাজে।।
হামু পশু মায়া-জালত বন্দী।
নাহি দেখোঁ হামু পলাইতে সন্ধি।।
কাম ক্ৰোধ কুত্তা কামুৰি খাই।
বিষয় বিষ লাগি এজীৱ যাই।।
ৰূপ ৰস আদি এ পঞ্চ বাণে।
হৃদয় মাজে হামু ফুটলো টানে।।
পাপ-পুণ্য ভৈল এ বৰ ডোৰে।
গলাৰ মাজে ছান্দি বান্ধিল মোৰে।।
কাল ব্যাধে ধৰি লৈ যায় টানি।
ৰাখো ৰাখো মোৰে শাৰঙ্গ-পাণি।।
কালৰোকাল তুমি চাহেব হৰি।
নাহি নাহি আৰ তোমাত সৰি।।
জানিয়া শৰণ লৈলোঁ তোমাৰ পায়।
দীন মাধৱ দাসে এ ৰস গায়।।
ধ্ৰুং ।। কেমনে পাইবোঁ হৰি চৰণ তোৰে।
এ দুঃখ সাগৰে উদ্ধাৰ মোৰে।।
পদ ।। এ ভৱ আটোপ অৰণ্য মাজে।
কালব্যাধে মৃগ মাৰিতে সাজে।।
হামু পশু মায়া-জালত বন্দী।
নাহি দেখোঁ হামু পলাইতে সন্ধি।।
কাম ক্ৰোধ কুত্তা কামুৰি খাই।
বিষয় বিষ লাগি এজীৱ যাই।।
ৰূপ ৰস আদি এ পঞ্চ বাণে।
হৃদয় মাজে হামু ফুটলো টানে।।
পাপ-পুণ্য ভৈল এ বৰ ডোৰে।
গলাৰ মাজে ছান্দি বান্ধিল মোৰে।।
কাল ব্যাধে ধৰি লৈ যায় টানি।
ৰাখো ৰাখো মোৰে শাৰঙ্গ-পাণি।।
কালৰোকাল তুমি চাহেব হৰি।
নাহি নাহি আৰ তোমাত সৰি।।
জানিয়া শৰণ লৈলোঁ তোমাৰ পায়।
দীন মাধৱ দাসে এ ৰস গায়।।
No comments:
Post a Comment