ৰাগ - ভাটিয়ালী
ধ্ৰুং ।। বুঢ়া ভাই, হৰিৰ গুণ গাই নাচা।
কোন দিন ঢলি শৰীৰ পৰয়,
আৰ কি বাট চাই আছা।।
পদ ।। আয়ু দিলা ভাঠি হাতে লৈলা লাঠি
হাণ্ঠিতে নচলে পাৱ।
ভাঙ্গিলা মাণ্ডলী আগ গৈল ঢলি
ধনু-ফান্দ ভৈলা গাৱ।।
ছাল সোটা-সোট হাড় গোটা-গোট
কোটৰে লুকাইল আঁখি।
তেজ বল মাংস গাৱত লুকাইল
দেখিও নাপাৱ সাখী।।
শুকাই গৈল আন্ত মুখে নাসে মাত
দান্তৰো নাহি অৱস্থা।
কাস ঢুল ঢুল সৰি গৈল চুল
লৰবৰ কৰে মাথা।।
বীভৎস শৰীৰ আঁখি ঝুৰে নীৰ
তিনি থানে ভৈল বাগ।
কহয় মাধৱ সবেও মৰিব
তথাপি বুঢ়াসে আগ।।
ধ্ৰুং ।। বুঢ়া ভাই, হৰিৰ গুণ গাই নাচা।
কোন দিন ঢলি শৰীৰ পৰয়,
আৰ কি বাট চাই আছা।।
পদ ।। আয়ু দিলা ভাঠি হাতে লৈলা লাঠি
হাণ্ঠিতে নচলে পাৱ।
ভাঙ্গিলা মাণ্ডলী আগ গৈল ঢলি
ধনু-ফান্দ ভৈলা গাৱ।।
ছাল সোটা-সোট হাড় গোটা-গোট
কোটৰে লুকাইল আঁখি।
তেজ বল মাংস গাৱত লুকাইল
দেখিও নাপাৱ সাখী।।
শুকাই গৈল আন্ত মুখে নাসে মাত
দান্তৰো নাহি অৱস্থা।
কাস ঢুল ঢুল সৰি গৈল চুল
লৰবৰ কৰে মাথা।।
বীভৎস শৰীৰ আঁখি ঝুৰে নীৰ
তিনি থানে ভৈল বাগ।
কহয় মাধৱ সবেও মৰিব
তথাপি বুঢ়াসে আগ।।
No comments:
Post a Comment