ৰাগ - শ্ৰী
ধ্ৰুং ।। মঞি পাপী কেমনে তৰিবোঁ হৰিৰে।
তুমি কৰুণা নাকৰ মোৰে।
পাপ মতি মন বাসনা নাছাড়ে
মজিলো সংসাৰ ঘোৰে।।
পদ ।। নয়না কামিনীৰূপ ন ছাৰয়
ৰসনা এ ষড়ৰস।
গীত-মধুৰ ধ্বনি শ্ৰৱণে ন ছাৰয়
চৰমে সুখ-পৰশ।।
সুগন্ধ শীতল নাসায়ে ন ছাৰয়
কনক কামিনী মনে।
লোভ-মোহ-কাম-ক্ৰোধ-মদ-মান
নছাড়ে এ সৰ্ব্বক্ষণে।।
ঈৰিষা, অসূয়া, হিংসা, পৈশুন্য
না গুচে এ তিলে তিলে।
তনুক বেঢ়ি তিলে তিলে ধৰি
কাল অজগৰে গিলে।।
ভৈলোঁ অচেতন তোমাৰ চৰণ
বিনে নাই আন গতি।
শীতল চৰণে পশিলো শৰণে
মাধৱ মূৰুখ-মতি।।
ধ্ৰুং ।। মঞি পাপী কেমনে তৰিবোঁ হৰিৰে।
তুমি কৰুণা নাকৰ মোৰে।
পাপ মতি মন বাসনা নাছাড়ে
মজিলো সংসাৰ ঘোৰে।।
পদ ।। নয়না কামিনীৰূপ ন ছাৰয়
ৰসনা এ ষড়ৰস।
গীত-মধুৰ ধ্বনি শ্ৰৱণে ন ছাৰয়
চৰমে সুখ-পৰশ।।
সুগন্ধ শীতল নাসায়ে ন ছাৰয়
কনক কামিনী মনে।
লোভ-মোহ-কাম-ক্ৰোধ-মদ-মান
নছাড়ে এ সৰ্ব্বক্ষণে।।
ঈৰিষা, অসূয়া, হিংসা, পৈশুন্য
না গুচে এ তিলে তিলে।
তনুক বেঢ়ি তিলে তিলে ধৰি
কাল অজগৰে গিলে।।
ভৈলোঁ অচেতন তোমাৰ চৰণ
বিনে নাই আন গতি।
শীতল চৰণে পশিলো শৰণে
মাধৱ মূৰুখ-মতি।।
No comments:
Post a Comment