Saturday, March 2, 2013

এ নাথ তাৰিয়ো তাৰিয়ো যদুমণি

ৰাগ - ভাটিয়ালী

ধ্ৰুং ।। এ নাথ তাৰিয়ো তাৰিয়ো যদুমণি।
          মজিলোহো ভৱসিন্ধু তোমাক নজানি।

পদ ।। এ ভৱসাগৰ মাজে পড়ি হামু ভাসি।
          কাম-ক্ৰোধ কুম্ভীৰ মগৰে গিলে আসি।।

          শোক মোহ ভয় মহা পঙ্কে তল কৰে।
          তৃষ্ণা তৰঙ্গে পায়া সব শ্ৰুতি হৰে।।

           চিন্তা নাম বাড়ব অগণি শোষে প্ৰাণ।
           নাহিকে তাৰণ তুৱা পদ বিনে আন।।

           জানিয়া তোমাৰ পাৱে পশিলো শৰণ।
           কহয় মাধৱ গতি অৰুণ চৰণ।।

No comments:

Post a Comment