ৰাগ - ভাটিয়ালী
ধ্ৰুং ।। গোপাল ভাবিয়ো মন! সকল যতনে।
হৰি বিনে কেনে আন চিন্তা অকাৰণে।।
পদ ।। অথিৰ জীৱন ধন, যৌৱন সকল।
কমল পত্ৰৰ নীৰ, যৈচন চঞ্চল।।
জানিয়া ভজিও মন, ই সৱ তেজিয়া।
সংসাৰ সাগৰে মন, নমৰ মজিয়া।।
হৰিৰ মায়াৰ ফান্দে, জীৱ হৈল বন্দী।
ইতিনি ভূৱনে, পলাইবাৰ নাই সন্ধি।।
গুণি চোৱা মন, তুমি এৰাইবা কমনে।
ফান্দোৱাল গোবিন্দৰ ধৰিও চৰণে।।
নিজ প্ৰিয়তম হৰি জগত-নিবাস।
ভজিয়ো চঞ্চল মন তেজিও আলাস।।
কহয় মাধৱ হৰি অগতিৰ গতি।
মায়াৰ ফান্দক এৰাই পাইবা যদুপতি।।
ধ্ৰুং ।। গোপাল ভাবিয়ো মন! সকল যতনে।
হৰি বিনে কেনে আন চিন্তা অকাৰণে।।
পদ ।। অথিৰ জীৱন ধন, যৌৱন সকল।
কমল পত্ৰৰ নীৰ, যৈচন চঞ্চল।।
জানিয়া ভজিও মন, ই সৱ তেজিয়া।
সংসাৰ সাগৰে মন, নমৰ মজিয়া।।
হৰিৰ মায়াৰ ফান্দে, জীৱ হৈল বন্দী।
ইতিনি ভূৱনে, পলাইবাৰ নাই সন্ধি।।
গুণি চোৱা মন, তুমি এৰাইবা কমনে।
ফান্দোৱাল গোবিন্দৰ ধৰিও চৰণে।।
নিজ প্ৰিয়তম হৰি জগত-নিবাস।
ভজিয়ো চঞ্চল মন তেজিও আলাস।।
কহয় মাধৱ হৰি অগতিৰ গতি।
মায়াৰ ফান্দক এৰাই পাইবা যদুপতি।।
No comments:
Post a Comment