ৰাগ - ভাটিয়ালী
ধ্ৰুং ।। মোকে দেখিয়ো না কেনে আহে জগন্নাথ, মই বৰ পাপেৰ পাপী।
সংসাৰ-কূপত পড়িয়া তোমাৰ চৰণে নধৰো চাপি।।
পদ ।। কত তপসাই নৰতনু পাই
গোৱাইলোঁ বিষয় ভুলে।
যেন চিন্তামণি অমূল্য ৰতন
বিকাইলোঁ কাচেৰ মোলে।।
দেৱে নাহি পাই মানৱী হুইবাৰ
মই পাপী আসিয়া পাইলোঁ।
তোমাৰ ভকতি অমিয়া তেজিয়া
বিষয় গৰল খাইলোঁ।।
লোভ-মোহ-কাম ক্ৰোধ-মদ মান
ই সৱ বৈৰীৰ সঙ্গে।
আপোন ইচ্ছায় পাপ আচৰিয়া
বেড়াইলোঁ মনৰ ৰঙ্গে।।
পৰতিৰী পৰ ধনেৰ আশায়
সদায় আকুল ভৈলোঁ।
তুমি মহাধন তোমাক নাসেৱি
জনম বিফল কৈলোঁ।।
দেহা আলে-জালে গৈল পাইলে কালে
প্ৰাণ কোন দিন উড়ে।
যমৰ যাতনা শুনিয়া হৃদয়
কম্পিত হৈ গৈলোঁ বড়ে।।
তোমাৰ অভয় চৰণে শৰণ
বিনে নাহি আন গতি।
তুমি দয়াময় জানিয়া কহয়
মাধৱ মুৰুখ মতি।।
ধ্ৰুং ।। মোকে দেখিয়ো না কেনে আহে জগন্নাথ, মই বৰ পাপেৰ পাপী।
সংসাৰ-কূপত পড়িয়া তোমাৰ চৰণে নধৰো চাপি।।
পদ ।। কত তপসাই নৰতনু পাই
গোৱাইলোঁ বিষয় ভুলে।
যেন চিন্তামণি অমূল্য ৰতন
বিকাইলোঁ কাচেৰ মোলে।।
দেৱে নাহি পাই মানৱী হুইবাৰ
মই পাপী আসিয়া পাইলোঁ।
তোমাৰ ভকতি অমিয়া তেজিয়া
বিষয় গৰল খাইলোঁ।।
লোভ-মোহ-কাম ক্ৰোধ-মদ মান
ই সৱ বৈৰীৰ সঙ্গে।
আপোন ইচ্ছায় পাপ আচৰিয়া
বেড়াইলোঁ মনৰ ৰঙ্গে।।
পৰতিৰী পৰ ধনেৰ আশায়
সদায় আকুল ভৈলোঁ।
তুমি মহাধন তোমাক নাসেৱি
জনম বিফল কৈলোঁ।।
দেহা আলে-জালে গৈল পাইলে কালে
প্ৰাণ কোন দিন উড়ে।
যমৰ যাতনা শুনিয়া হৃদয়
কম্পিত হৈ গৈলোঁ বড়ে।।
তোমাৰ অভয় চৰণে শৰণ
বিনে নাহি আন গতি।
তুমি দয়াময় জানিয়া কহয়
মাধৱ মুৰুখ মতি।।
No comments:
Post a Comment