ৰাগ - আশোৱাৰী
ধ্ৰুং ।। শুন শুনৰে, সুৰ-বৈৰী প্ৰমাণ, নিশাচৰ নাশনিদান।
ৰাম নাম যম, সমৰক সাজিয়ে, সমদলে কয়লি পয়াণ।।
পদ ।। ঠাট প্ৰকট পটু কোটি কোটি কপি
গিৰি গৰ পৰ পদ ঘাৱে।
বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে।।
হাট ঘাট বহু বাট বিয়াপি
চৌগড় বেড়লি লঙ্কা।
গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন
শ্ৰৱণে জনময় শঙ্কা।।
ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
ৰাৱণ তুৱা পৰি ঝাম্পে।
সুৰ নৰ কিন্নৰ ফনধৰ থৰ থৰ
মহীধৰ তৰসি প্ৰকম্পে।।
অন্ধ মুগুধ দশকন্ধ পাপ বুধ
জানকী শিৰত চড়ায়।
ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ
শঙ্কৰ কহতু উপায়।।
ধ্ৰুং ।। শুন শুনৰে, সুৰ-বৈৰী প্ৰমাণ, নিশাচৰ নাশনিদান।
ৰাম নাম যম, সমৰক সাজিয়ে, সমদলে কয়লি পয়াণ।।
পদ ।। ঠাট প্ৰকট পটু কোটি কোটি কপি
গিৰি গৰ পৰ পদ ঘাৱে।
বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে।।
হাট ঘাট বহু বাট বিয়াপি
চৌগড় বেড়লি লঙ্কা।
গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন
শ্ৰৱণে জনময় শঙ্কা।।
ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
ৰাৱণ তুৱা পৰি ঝাম্পে।
সুৰ নৰ কিন্নৰ ফনধৰ থৰ থৰ
মহীধৰ তৰসি প্ৰকম্পে।।
অন্ধ মুগুধ দশকন্ধ পাপ বুধ
জানকী শিৰত চড়ায়।
ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ
শঙ্কৰ কহতু উপায়।।
No comments:
Post a Comment