Tuesday, February 26, 2013

বালক গোপালে কৰতৰে কেলি

ৰাগ - আশোৱাৰী

ধ্ৰুং ।। বালক গোপালে কৰতৰে কেলি।
          উচ্চায়া পাঞ্চনী, নাচে হাসে গোপ মেলি।।

পদ ।। নীলতনু পীতপট ধটী লটি লোৰ।
          নৱঘন ঘন যৈচে বিজুড়ি উঝোৰ।।

          শিৰে শিখণ্ডক ডোলে গলে গজমতি।
          কোটি মদন মন মোহন মূৰুতি।।

          চৰণে মঞ্জিৰ ঝুৰে উৰে হেমহাৰ।
          শঙ্কৰ কহ ওহি হৰিক বিহাৰ।।

No comments:

Post a Comment