Tuesday, February 26, 2013

শ্ৰীৰাম, মই অতি পাপী পামৰ তেৰি ভাবনা নাই

ৰাগ - সুহাই

ধ্ৰুং ।। শ্ৰীৰাম, মই অতি পাপী পামৰ তেৰি ভাবনা নাই।
          জনম চিন্তামণি কাহে গয়ো যচ কাচক লাই।।

পদ ।। দিৱসে বিষয় বিয়াকুল নিশি শয়নে গোৱাই।
          মনে ধন খোজি বিমোহিত তেৰি আৰতি নাপাই।।

          হৃদয়ে কমলে হৰি বৈঠহ, চিন্তা চৰণ নাতেৰি।
          কৰল গৰল যচ ভোজন, হামো অমিয়া হেৰি।।

          পৰম মুৰুখ হামো মাধৱ একু ভকতি নাজানা।
          দাস দাস বুলি তাৰহু এহু শঙ্কৰ ভণা।।

No comments:

Post a Comment