Tuesday, February 26, 2013

বিহৰে আকুল গোপী হামাকু নিমিত্ত

ৰাগ - ভূপালী

ধ্ৰুং ।। বিহৰে আকুল গোপী হামাকু নিমিত্ত।
          ঝুৰে নয়নক নীৰ থিৰ নোহে চিত্ত।।

পদ ।। মাধৱ কহই উদ্ধৱক ধৰি হাত।
           কহ মোৰে গোপিনীক সন্দেস বাত।।

           জানয়ে নাহি গোপী মোহে বিনে আন।
           দেহু বোধ উদ্ধৱ গোপীক বহু প্ৰাণ।

           নাহি সুহৃদ মোহে গোপিনী সমান।
           তাহেৰ দুঃখ শুনি টুটে মেৰি প্ৰাণ।।

No comments:

Post a Comment