ৰাগ - ধনশ্ৰী
ধ্ৰুং ।। দেখু সখি, মধুৰ মূৰুতি হৰি।
ধৰি অধৰে পূৰে মুৰুৰী।।
পদ ।। তনু অভিনৱ ঘনকালা।
উৰে লুলে কমম্বকু মালা।।
পীত অম্বৰ তড়িত জৌতি।
জলে কম্বু গলে গজমতি।।
মণি কৌস্তুভ কণ্ঠত লুলে।
চাৰু শিৰে শিখণ্ডক দুলে।।
নীল অলক লোল কপোল।
কৰ্ণত মকৰ কুণ্ডল দোল।।
ভুজ কঙ্কণ ৰঞ্জে কেয়ুৰে।
কটিক কনক কিঙ্কিণী ঝুৰে।।
পদপঙ্কজ মঞ্জীৰ বোলে।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে বোলে।।
ধ্ৰুং ।। দেখু সখি, মধুৰ মূৰুতি হৰি।
ধৰি অধৰে পূৰে মুৰুৰী।।
পদ ।। তনু অভিনৱ ঘনকালা।
উৰে লুলে কমম্বকু মালা।।
পীত অম্বৰ তড়িত জৌতি।
জলে কম্বু গলে গজমতি।।
মণি কৌস্তুভ কণ্ঠত লুলে।
চাৰু শিৰে শিখণ্ডক দুলে।।
নীল অলক লোল কপোল।
কৰ্ণত মকৰ কুণ্ডল দোল।।
ভুজ কঙ্কণ ৰঞ্জে কেয়ুৰে।
কটিক কনক কিঙ্কিণী ঝুৰে।।
পদপঙ্কজ মঞ্জীৰ বোলে।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে বোলে।।
No comments:
Post a Comment