ৰাগ - আশোৱাৰী
ধ্ৰুং ।। আনন্দে গোবিন্দে বায় বৃন্দাবনে বেণু।
ৰূপে ভুবন ভুলে ৰহিয়া কদম্ব মূলে, কালিন্দী তীৰে ৰাখে ধেনু।
পদ ।। গোপ শিশু সঙ্গে চলে শিৰে শিখণ্ডক দোলে
কৰ্ণে কুণ্ডল গণ্ড লোলে।
কেয়ুৰ কঙ্কণ কৰে উৰে বনমালা মুলে
মধুৰ মধুপ মধুভোলে।।
কটি কাঞ্চী কিঙ্কিণী বাজত ঋণি ঋণি
শ্যাম তনু শোহে পীতবাসে।
বাম-কাষে শিঙা বেত অৰুণ পঙ্কজ নেত্ৰ
কণ্ঠে কৌস্তুভ পৰকাশে।।
ত্ৰিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰূব ভাস
দৰশিয়া লীলা বিলাসে।
চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পুৰে
শঙ্কৰে কহ অভিলাষে।।