Thursday, August 14, 2014

ভাই দেখো কমলাপতি দৌলৰ ওপৰে

ৰাগঃ সিন্ধুৰা

ধ্ৰুং।। ভাই দেখো কমলাপতি দৌলৰ ওপৰে।
           বৈকুণ্ঠৰ নাথ দৌল-ৰসে কেলি কৰে।।

পদ।। দিব্য সিংহাসনে প্ৰকাশয় দামোদৰে।
         নৱনীল মেঘ যেন মেৰুৰ শিখৰে।।

         শ্যাম শৰীৰত ঝিকি পাৰে অলঙ্কাৰ।
         নিৰ্ম্মল গগণে যেন জ্যোতি তাৰকাৰ।।

         কিৰীটি কুণ্ডল হাৰ কেয়ূৰ কিঙ্কিণী।
         ৰতন নূপুৰ পায় বাজে ৰিণি ঝিণি।।

         সিংহাসন সমে দোলে ত্ৰিজগত-পতি।
         যেন আকাশত ৰবি শশী কৰে গতি।।

         নন্দৰ আনন্দ বৰ ৰঙ্গ যশোদাৰ।
         জয় হৰি বুলি গোপ-গোপীৰ জোকাৰ।।

         গোকুলে মিলিয়া আছে বৈকুণ্ঠ উৎসৱ।
         হৰি পদে গতি মোৰ কহয় মাধৱ।।

No comments:

Post a Comment