Saturday, October 11, 2014

আলো মই কি কহবো দুঃখ

ৰাগঃ ভাটিয়ালী

ধ্ৰুং।। আলো মই কি কহবো দুঃখ।
          পৰাণ নিগৰে নেদেখিয়া চান্দ-মুখ।।

পদ।। কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম।
          বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।।

          শ্যাম কানু বিনে মোৰ ন ৰহে জীৱন।
          হা শ্যাম বুলিতে আকুল কৰে মন।।

          দিবস নযাই সুখে ন যাই ৰয়নী।।
          চান্দ চন্দন নন্দ-পৱন বৈৰিণী।।

          কোথা যাওঁ কোথা থাকোঁ কিবা কৰে মন।
          কানাইৰ নেওছনি দেও সব বন্ধুজন।।

          শ্যাম বন্ধু বিনে জীৱনৰ কিবা কাজ।
          বিৰহ অনল জ্বলে হৃদয়ৰ মাজ।।

          নাজানো দাৰুণ বিধি কি কৰে বিপত্তি।
          কহয় মাধৱ ৰাঙ্গা পদে মোৰ গতি।।  

No comments:

Post a Comment