ৰাগঃ বসন্ত
ধ্ৰুং।। গোপীনাথ! জগ জীৱ স্বামী ৰাম সেৱহু তোই।
হৰি! কৰহু কৰুণা নাথ মোই।।
পদ।। কলিযুগে নৰতনু ভাৰতে পায়া পুনু
তুৱা গুণ নাম নাহি লিঞোঁ।
পৰম অমিয়া ৰস তেজি তুৱা নাম যশ
বিষয়-গৰল হামু পিয়োঁ।।
দুৰ্জ্জয় মনৰ সঙ্গে পাপচয় কৈলো ৰঙ্গে
না কৰিলোঁ তোমাৰ ভকতি।
লোভ মোহ কাম ক্ৰোধ মদ মান ৰিপু সঙ্গে
মজিলো সংসাৰে মূঢ়মতি।।
পতিত পাৱন প্ৰভু তুৱা পদ-পঙ্কজ
তাহে শৰণ লেহোঁ জানি।
তুৱা জন সঙ্গে নাম ৰহু মুহে অবিৰাম
কহত মাধৱ পৰমাণি।।
ধ্ৰুং।। গোপীনাথ! জগ জীৱ স্বামী ৰাম সেৱহু তোই।
হৰি! কৰহু কৰুণা নাথ মোই।।
পদ।। কলিযুগে নৰতনু ভাৰতে পায়া পুনু
তুৱা গুণ নাম নাহি লিঞোঁ।
পৰম অমিয়া ৰস তেজি তুৱা নাম যশ
বিষয়-গৰল হামু পিয়োঁ।।
দুৰ্জ্জয় মনৰ সঙ্গে পাপচয় কৈলো ৰঙ্গে
না কৰিলোঁ তোমাৰ ভকতি।
লোভ মোহ কাম ক্ৰোধ মদ মান ৰিপু সঙ্গে
মজিলো সংসাৰে মূঢ়মতি।।
পতিত পাৱন প্ৰভু তুৱা পদ-পঙ্কজ
তাহে শৰণ লেহোঁ জানি।
তুৱা জন সঙ্গে নাম ৰহু মুহে অবিৰাম
কহত মাধৱ পৰমাণি।।
No comments:
Post a Comment